বিঝু নৃত্য |
---|
চাকমা নৃত্যশিল্পী |
শৈলী |
লোকনৃত্য |
---|
উৎপত্তিমূল |
ত্ৰিপুৰা |
বিঝু নৃত্য (ইংৰাজী: Bizhu dance) ভাৰত আৰু বাংলাদেশৰ চাকমা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক লোকনৃত্য। এই নৃত্য চাকমা লোকসকলে তেওঁলোকৰ নতুন বছৰত পালন কৰা বিঝু উৎসৱৰ সময়ত পৰিৱেশন কৰে। বিঝু ত্ৰিপুৰাৰ অন্যতম পৰম্পৰাগত নৃত্য।
বিঝু উৎসৱ
বিঝু হৈছে একপ্ৰকাৰৰ কৃষিভিত্তিক বসন্তকালীন উৎসৱ। তিনিদিনীয়া পালন কৰা এই উৎসৱ চাকমাসকলৰ নৱবৰ্ষ হিচাপে পালন কৰা হয়। ই তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। বিঝু চ'ত মাহৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হয়। এই দিন অসমীয়া আৰু বঙালী বৰ্ষপঞ্জিৰ অন্তিম দিন। এই উৎসৱ চ'ত মাহৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ তিনি দিনলৈ উদযাপনৰ কৰা হয়। আগতে উৎসৱটো সম্পূৰ্ণ পষেক ধৰি চলিছিল। চাকমাসকলৰ মাজত ঝুম খেতিৰ অনুশীলনৰ সৈতে বিঝুৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু কৃষি ঋতুৰ প্ৰথম বৰষুণৰ পিছত পৃথিৱীক শস্যৰ প্ৰাচুৰ্যতাৰ বাবে ই উৎসৱ হিচাপে উদ্ভৱ হৈছিল বুলি বিশ্বাস কৰা হয়। শেহতীয়া সময়ত, উৎসৱটোৱে ইয়াৰ কিছুমান প্ৰাথমিক পৰম্পৰা হেৰুৱাইছে আৰু চাকমাসকলৰ বাবে এক সামাজিক অনুষ্ঠান হৈ পৰিছে। বিঝুৰ সৈতে জড়িত ৰীতি-নীতিবোৰো সময়ৰ সৈতে সৰলীকৰণ কৰা হৈছে।[1][2]
উৎসৱৰ প্ৰথম দিন ফুল বিঝু বুলিও কোৱা হয়। এইদিনা চাকমা পৰিয়ালবোৰে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে আৰু ফুলেৰে সজ্জিত কৰে। সন্ধিয়া বুদ্ধক বিশেষ প্ৰাৰ্থনা কৰা হয় আৰু চাকমাসকলৰ ঘৰ আৰু বৌদ্ধ মন্দিৰত চাকি জ্বলোৱা হয়। পিছদিনা মুল বিঝু বোলা হয়। ই সামাজিক মিলা-প্ৰীতিৰ দিন। এইদিনা মানুহে তেওঁলোকৰ গাঁৱৰ বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনক সাক্ষাৎ কৰে। ইয়াৰ লগতে পৰম্পৰাগত খেলত অংশগ্ৰহণ কৰে আৰু দিনটোৰ বাবে বিশেষ খাদ্য আৰু মিঠাই প্ৰস্তুত কৰে। চাকমা লোকবিশ্বাস অনুসৰি মুল বিঝুৰ দিনা মৃত ব্যক্তিৰ আত্মা স্বৰ্গলৈ যায়।[3] মুল বিঝু বিঝু নৃত্যৰ প্ৰদৰ্শনেৰে শেষ হয়। অন্তিম দিনটোক গোজেপোজে দিন বোলে। এইদিনা বিভিন্ন ধৰ্মীয় আৰু সামাজিক কাৰ্যকলাপৰ প্ৰদৰ্শনৰ বাবে ৰখা হয়।[3][1] এই উৎসৱ অসমৰ বহাগ বিহুৰ সমপৰ্যায়ৰ।
বিঝু নৃত্য
বিঝু নৃত্য একপ্ৰকাৰৰ দলীয় নৃত্য। ইয়াত অংশগ্ৰহণকাৰীসকলে দলগতভাৱে নৃত্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলে নিজকে এটা বৰ্গ বা বৃত্তাকাৰ আৰ্হিত সজ্জিত কৰি নৃত্য কৰে। চাকমাসকলে বিঝু নৃত্যত অংশগ্ৰহণ কৰোঁতে তেওঁলোকৰ পৰম্পৰাগত পোছাক পিন্ধে। এই নৃত্য সাধাৰণতে চাকমাসকলৰ উপাসনাথলীৰ পৰিসৰৰ ভিতৰত কৰা এক ভক্তিমূলক নৈবেদ্য বুলি গণ্য কৰা হয়। এই নৃত্য আন নৃত্যৰ বিপৰীতে ইয়াক ইয়াৰ প্ৰদৰ্শনৰ সময়ত আকস্মিক বিৰামৰ দ্বাৰা চিহ্নিত কৰিব পাৰি। বৰ্তমান সময়ত ইয়াৰ আকৰ্ষণীয় ছন্দ আৰু সহজ সুৰৰ বাবে জনপ্ৰিয়তা বৃদ্ধি হৈছে। বিঝু নৃত্যৰ জৰিয়তে চাকমাসকলে পুৰণি বৰ্ষক বিদায় জনাই নতুন বছৰৰ সূচনা কৰে।[3][4][5]
সাজ-পাৰ
বিঝু নৃত্যত চাকমাসকলে তেওঁলোকৰ পাৰম্পৰিক সাজ-পাৰ পৰিধান কৰে। মহিলাসকলে পিনন আৰু খাদি পিন্ধে আৰু নিজকে ৰূপৰ অলংকাৰত সজ্জিত কৰে। আনহাতে পুৰুষসকলে খাবাং নামৰ পাগুৰীৰ লগতে ধুতি আৰু জেকেট পিন্ধে।[3]
বাদ্যযন্ত্ৰ
বিঝু নৃত্যত পৰম্পৰাগত লোকবাদ্য বজোৱা হয়। এই নৃত্য ইয়াৰ সৈতে থকা সংগীতৰ গুণৰ বাবে বিখ্যাত। নৃত্যৰ সৈতে থকা পৰম্পৰাগত বাঁহী আৰু বিশেষ প্ৰকাৰৰ ঢোলে ইয়াৰ ছন্দ স্থাপন কৰে। ঢোল, বাজি, খেংগাৰাং আৰু ধুদুকে নৃত্যৰ মূল বাদ্য।[3][4][6]
তথ্য উৎস
ভাৰতৰ নৃত্যসমূহ |
---|
| প্ৰাচীন | |
---|
| শাস্ত্ৰীয় নৃত্য | |
---|
| ঐশ্বৰিক ৰূপ | |
---|
| লোকনৃত্য | |
---|
| সমসাময়িক | |
---|
| সাহিত্য | |
---|
| আ-অলংকাৰ | |
---|
|