পূৰ্ণকান্ত বুঢ়াগোহাঞি |
---|
|
জন্ম |
১৮৯০, ১০ ফেব্ৰুৱাৰী পীড়াকটা গোঁহাই গাঁও, যোৰহাট |
---|
মৃত্যু |
১৯৫৮, ৩১ মাৰ্চ ধেমেচী, ডিব্ৰুগড় |
---|
পেচা |
প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
সময় |
১৮৯০-১৯৫৮ |
---|
উল্লেখনীয় কৰ্মৰাজি |
পাত্কাইৰ সিপাৰে ন বছৰ (গ্ৰন্থ) |
পূৰ্ণকান্ত বুঢ়াগোহাঞি (ইংৰাজী: Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জাতিৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল । ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন কৰিছিল । বহুদিন ধৰি বিদেশত থকা বাবে তেওঁ "ফকীৰ" আৰু পিছলৈ "বাবাজী গোঁহাই" নামেৰে পৰিচিত হৈছিল ।[1]
চমু জীৱনী
পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ ১৮৯০ চনৰ ১০ ফেব্ৰুৱাৰীত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম সোৰোপা বুঢ়াগোহাঞি আছিল । তেখেতৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল যদিও ইংৰাজী আৰু বঙালী ভাষাও সুন্দৰকৈ কব আৰু লিখিব পাৰিছিল । তাই শ্ব্যান ভাষাতো তেখেতৰ যথেষ্ট ব্যুৎপত্তি আছিল । ১৯৩০ চনত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ ভিতৰুৱা অঞ্চলত নিগাজিকৈ থাকিবলৈ লয় । ১৯৩৩ চনৰ ১ এপ্ৰিলৰ দিনা তেখেতে যোৰহাট হৈ মণিপুৰেদি বৰ্মালৈ গমন কৰে । তাত তেওঁ ন বছৰ কাল থাকি বৰ্মা, শ্ব্যান আৰু চীন দেশৰ য়ুন্নান প্ৰদেশ ভ্ৰমণ কৰি তাই জাতিৰ বিষয়ে বহুতো মূল্যবান তথ্য সংগ্ৰহ কৰে । ১৯৪৬ চনত তেওঁ "অহমৰ আদি বুৰঞ্জী" নামৰ পুথিখন প্ৰকাশ কৰে । ১৯৫৮ চনৰ ৩১ মাৰ্চত পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱৰ দেহাৱসান ঘটে । ১৯৫৯ চনৰ সদৌ অসম সাহিত্য সভাৰ নগাওঁ অধিবেশনত তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰা হৈছিল ।[2]
সাহিত্যিক অৱদান
- প্ৰবন্ধ
- অহমৰ আদি বুৰঞ্জী
- সচিত্ৰ ব্ৰহ্মদেশ ভ্ৰমণ
- বৰ্মদেশ অভিমুখে ডিমাপুৰত
- ইন্দাগাই হ্ৰদঃ হ্ৰদৰ পূজা
- পুনৰ বৰ্মদেশ বুলি মণিপুৰ অভিমুখে
- মান্দালয়ত অসমীয়া গাঁও
- দক্ষিণ শ্ব্যান দেশঃ তাই শ্ব্যানৰ প্ৰাণকেন্দ্ৰ তোংজিত
- তাই জাতিৰ ৰাজনীতি আৰু ধৰ্মনীতি
- ভগনীয়াৰ দিন পঞ্জীকা
বুঢ়াগোহাঞিয়ে ম্যানমাৰত কটোৱা ন বছৰৰ অভিজ্ঞতাৰে লিখা পাত্কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন ১৯৯৩ চনত প্ৰকাশ পায়। এইখনে তেওঁক অসমীয়া সাহিত্যত অনন্য পৰিচিতি প্ৰদান কৰে।[3]
সন্মান
- পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱ আহোম সভাৰ সক্ৰিয় সভ্য আছিল ।[4]
- তেখেত ডিব্ৰুগড় জৰ্জকৰ্টৰ জুৰিৰ সভ্য আছিল ।[5]
তথ্য সংগ্ৰহ
- ↑ গগৈ, পুস্প (১৯৯৩). পাত্কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
- ↑ গগৈ, পুস্প (১৯৯৩). পাত্কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
- ↑ গগৈ, পুস্প (১৯৯৩). পাত্কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
- ↑ গগৈ, পুস্প (১৯৯৩). পাত্কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩
- ↑ গগৈ, পুস্প (১৯৯৩). পাত্কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩