মুছলমানসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছত প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ’ব আৰু সেই গতিকে সকলো মানুহ আৰু জীৱনক এক পূৰ্বনিৰ্ধাৰিত দিনত পুনৰ জীৱিত কৰা হ’ব। সেই নিৰ্দিষ্ট দিনটোক পুনৰুত্থান দিৱস বোলা হয়। যিহেতু পৃথিৱীত কৰি যোৱা কৰ্ম অনুযায়ী সেইদিনা তেওঁলোকে ফল ভোগ কৰিব সেয়ে ইয়াক বিচাৰ দিৱস বুলিও জনা যায়৷ ভাল কৰ্ম কৰাসকলক জান্নতৰ দ্বাৰা পুৰস্কৃত কৰা হ’ব আৰু নিচ কৰ্ম কৰাসকলক জাহান্নামত নিক্ষেপ কৰা হ’ব৷ ইছলামীয় বিশ্বাস অনুযায়ী সেই বিচাৰ দিৱসৰ কিছু পৰিস্থিতি নিম্নৰূপ-
- সেইদিনা সকলোকে একত্ৰিত কৰা হ’ব,
- পৃথিৱীৰ মাটি হ’ব ৰুটিৰ দৰে,
- মানুহ নগ্নপদ ও নগ্নদেহে সমবিত হ’ব,
- কোনোৱে কাৰো প্ৰতি দৃষ্টি দিয়াৰ সময় নাপাব,
- কাফিৰসকলক (অবিশ্বাসী) নিচমুৱা কৰি টানি টানি একত্ৰিত কৰা হ’ব,
- প্ৰতি এহাজাৰত ৯৯৯জন লোক জাহান্নামী বুলি ঘোষিত হ’ব
- সেইদিন মানুহ ঘৰ্মাক্ত হ’ব, ঘামত সিহঁত কানলৈকে ডুব যাব,
- সূৰ্যক অতি ওচৰত অনা হ’ব আৰু মানুহ আমল অনুপাতে ঘামৰ মাজত ডুবি থাকিব,
- পৃথিৱীত যিয়ে আল্লাহৰ বাবে ছিজদাহ কৰা নাই বা অন্যক দেখুৱাৰ উদ্দেশ্যে ছিজদাহ কৰিছে সিহঁত সিদিন আল্লাহক ছিজদাহ দিব নোৱাৰিব,
- মুমিনসকলৰ হিচাব হ’ব মুখা-মুখি,
- যাৰ হিচাব পুংখানুপুংখকৈ সোধা হ’ব সি ধ্বংস প্ৰাপ্ত হ’ব,
- সিদিন মানুহৰ মুখ বন্ধ কৰি দিয়া হ’ব,
- হাত, ভৰি, কান, চকু আৰু চৰ্মই মানুহৰ বিৰূদ্ধে সাক্ষী দিব,
- সেই দিনা সময় সীমা হ’ব ৫০ হাজাৰ বছৰৰ সমান,
- কিন্তু সেই দিনা মুমিনসকলৰ বাবে এটি ফৰজ সালাত আদায়ৰ সময় যেন আনুভৱ হ’ব ।