নন্দ তালুকদাৰ |
---|
জন্ম |
৭ মাৰ্চ, ১৯৩২ ভেৰভেৰী, সৰভোগ |
---|
মৃত্যু |
২৬ ফেব্ৰুৱাৰী, ১৯৮৩ |
---|
পেচা |
গৱেষক, জীৱনীকাৰ |
---|
উল্লেখনীয় কৰ্মৰাজি |
সম্বাদ পত্ৰৰ ৰ’দ কাঁচলিত অসমীয়া সাহিত্য |
---|
পিতৃ-মাতৃ |
মহেন্দ্ৰ নাথ ( পিতৃ) যশোবালা (মাতৃ) |
নন্দ তালুকদাৰ (ইংৰাজী: Nanda Talukdar; জন্ম:৭ মাৰ্চ, ১৯৩২ – মৃত্যু:২৬ ফেব্ৰুৱাৰী, ১৯৮৩) অসমৰ এগৰাকী বিশিষ্ট গৱেষক আৰু জীৱনীকাৰ। তেওঁ শ্বিলঙৰ শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে ইয়াতে কৰ্মৰত হৈ থাকে। আনন্দৰাম ঢেকিয়াল ফুকন আৰু ঊনবিংশ শতিকাৰ অসম সম্পৰ্কে কৰা গৱেষণাৰ বাবে তেওঁ মৰোণোত্তৰ ভাৱে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তালুকদাৰ অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, ‘কামৰূপ অনুসন্ধান সমিতি’ৰ সহকাৰী সম্পাদক আৰু ‘অসম একাডেমী’ৰ যুটীয়া সম্পাদক আছিল। [1]
জন্ম আৰু শিক্ষা
সৰভোগৰ ওচৰৰ ভেৰভেৰী গাঁৱত ১৯৩২ চনৰ ৭ মাৰ্চ তাৰিখে নন্দ তালুকদাৰৰ জন্ম হয়। পিতৃ মহেন্দ্ৰ নাথ আৰু মাতৃ যশোবালা।
সৰুতেই পিতৃহাৰা হৈ বৰ কষ্টেৰে ডাঙৰ হোৱা নন্দ তালুকদাৰে বৰনগৰ জুৰোৰাম হাইস্কুলত কেইবছৰ মান পঢ়ি গুৱাহাটীৰ সোণাৰাম হাইস্কুলত ভৰ্তি হৈছিল। ইয়াৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ কটন কলেজত বিজ্ঞান বিভাগত নাম লেখায় যদিও ১৯৬০ চনত, বি বৰুৱা কলেজৰ পৰাহে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। [1]
সাহিত্যিক অৱদান
অসমীয়া জীৱনী সাহিত্যৰ ক্ষেত্ৰত নন্দ তালুকদাৰৰ অৱদান অমেয়। তালুকদাৰে লেখা আৰু সম্পাদনা কৰা জীৱনী গ্ৰন্থ সমূহ হ’ল;
- বনফুলৰ কবি দুৱৰা (১৯৭৩)
- কনকলাল বৰুৱা (১৯৭৩)
- কালিৰাম মেধি (১৯৭৮)
- প্ৰসন্নলাল (১৯৭৮)
- সীতানাথ ব্ৰহ্মচৌধুৰী
- সূৰ্যকুমাৰ ভূঞা (১৯৮৪, মৰণোত্তৰ ভাৱে)
- কবি আৰু কবিতা (কেইগৰাকীমান বিশিষ্ট কবিৰ জীৱনী)
- চিৰ চেনেহী মোৰ ভাষা জননী ( অসম সাহিত্য সভাৰ সভাপতি সকলৰ জীৱনী)
- সম্বাদ পত্ৰৰ ৰ’দ কাঁচলিত অসমীয়া সাহিত্য ( উল্লেখনীয় গ্ৰন্থ)
নন্দ তালুকদাৰ ফাউণ্ডেচন
তেওঁৰ নামেৰে গুৱাহাটীৰ পূৱ শৰণীয়াত ১৯৯৬ চনৰ ২২ নৱেম্বৰ তাৰিখে নন্দ তালুকদাৰ ফাউণ্ডেচন গঠন কৰা হয়।[2] সাহিত্যিক, সম্পাদক নিত্য বৰা এই সংস্থাৰ অধ্যক্ষ আৰু নন্দ তালুকদাৰ পুত্ৰ মৃণাল তালুকদাৰ সম্পাদক। এই ফাউণ্ডেচনৰ উদ্যোগত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত ১ ডিচেম্বৰ, ২০২১ ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২২ লৈ- ১৭৫ বছৰ পুৰণি অৰুণোদয় আলোচনীখন প্ৰদৰ্শন কৰা হৈছিল। অসমৰ ইতিহাসত এনে প্ৰদৰ্শনীৰ আয়োজন এয়াই প্ৰথম।[3]
তথ্যসূত্ৰ