ঢাকা বিশ্ববিদ্যালয় (সংক্ষিপ্তভাৱে ডি ইউ ) হৈছে বাংলাদেশৰ এখন স্বায়ত্তশাসিত চৰকাৰী গৱেষণা বিশ্ববিদ্যালয়। ১৯২১ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অক্সব্ৰিজ শিক্ষা ব্যৱস্থা অনুসৰণ কৰি প্ৰতিষ্ঠা কৰা হয়। ১৯২১ চনৰ ১ জুলাইৰ পৰা ইয়াৰ শিক্ষামূলক কাৰ্যসূচী আৰম্ভ হয়।[3] প্ৰথম অৱস্থাত বিভিন্ন পটভূমিৰ পণ্ডিত আৰু বিজ্ঞানীসকলে কঠোৰ গুণগত নিয়ন্ত্ৰণৰ প্ৰেক্ষাপটত ইয়াক অক্সফৰ্ড অৱ দ্য ইষ্ট হিচাপে স্বীকৃতি দিছিল।[4]
বৰ্তমান বিশ্ববিদ্যালয়খনৰ মুঠ ১০৫ খন সংযুক্ত মহাবিদ্যালয় আছে, য'ত আছে ১৩ টা অনুষদ, ৮৩ টা বিভাগ, ১৩ টা প্ৰতিষ্ঠান, ৫৬ টা গৱেষণা ব্যুৰো আৰু কেন্দ্ৰ, ২০ টা আৱাসিক হল আৰু ৩ টা ছাত্ৰাবাস, আৰু ৭ টা স্নাতক পৰ্যায়ৰ সংযুক্ত চৰকাৰী মহাবিদ্যালয়। সংযুক্ত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু কাৰ্য্যকলাপ বেলেগ বেলেগ। ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল বাংলাদেশৰ সৰ্ববৃহৎ পুথিভঁৰাল।[5]
ঢাকা বিশ্ববিদ্যালয়ত অসংখ্য বিশিষ্ট ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছে, য'ত আছে ১৩ জন ৰাষ্ট্ৰপতি, ৭ জন প্ৰধানমন্ত্ৰী আৰু এজন নোবেল বঁটা বিজয়ী। বাংলাদেশ জাতিৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে ইয়াত অধ্যয়ন কৰিছিল আৰু বাংলাদেশক স্বাধীন কৰি তোলাত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ অৱদান আছিল।[4] এই বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সৰ্বাধিক বাংলাদেশ বিজ্ঞান একাডেমীৰ পদক লাভ কৰিছে।[6] [7] ইয়াৰ উপৰিও বাংলাদেশৰ একমাত্ৰ বিশ্ববিদ্যালয় যিয়ে এছিয়া উইকৰ শীৰ্ষ ১০০খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে।[8]
তথ্য সংগ্ৰহ