ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা প্ৰথম ব্যক্তি হিচাপে সদায়ে জগদীশ চন্দ্ৰ বসুৰ নাম ইতিহাসত স্মৰণীয় হৈ থাকিব। তেওঁ আছিল আধুনিক ভাৰতৰ বিজ্ঞানৰ বাটকটীয়া। তেৱেঁই আছিল বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক খ্যাতি লাভ কৰা প্ৰথম ভাৰতীয়।
জন্ম
১৮৫৮ চনৰ ৩০ নৱেম্বৰ। ঢাকাৰ ওচৰৰ বৰিশালত তেওঁৰ জন্ম হৈছিল। পিতৃ ভগৱান চন্দ্ৰ বসু।
শিক্ষা
প্ৰাথমিক শিক্ষা- ফৰিদপুৰ। কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ পৰা ১৮৭৪ চনত মেট্ৰিকুলেচন। ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা ১৮৭৮ চনত স্নাতক। ১৮৮০ চনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ ইংলেণ্ডলৈ যায় যদিও সেই শিক্ষা আধৰুৱা কৰি ১৮৮১ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰত খ্ৰাইষ্ট কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে। ১৮৮৪ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰৰ পৰা স্নাতকোত্তৰ।
কৰ্মজীৱন
কলিকতাতৰ প্ৰেছিডেন্সি কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।
অৱদান আৰু স্বীকৃতি
- পদাৰ্থ বিজ্ঞানৰ গৱেষণা, ১৮৯৪ চনত বেতাঁৰ তৰংগৰ আৱিষ্কাৰ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰৰ পৰা ১৮৯৫ চনত ডক্টৰ অৱ ছায়েন্স উপাধি লাভ। ১৯০০ চনত ফ্ৰান্সত বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ প্ৰদৰ্শনীত অংশগ্ৰহণ। ক্ৰেস্ক’গ্ৰাফ নামৰ যন্ত্ৰৰ আৱিষ্কাৰ। ১৯১৬ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ। কলিকতাত বিশ্ববিদ্যালয়ৰৰ আজীৱন অধ্যাপক। ১৯২০ চনত ৰয়েল ছ’চাইটীৰ সভ্য নিৰ্বাচিত। ১৯১৭ চনত বসু বিজ্ঞান মন্দিৰ স্থাপন।
মৃত্যু
১৯৩৭ চন।
তথ্য সংগ্ৰহ
- মহান বিজ্ঞানীৰ চানেকি জীৱনৰ – ড° শিৱনাথ বৰ্মণ (পৃষ্ঠা- ১৬)
বাহ্যিক সংযোগ
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|
অন্যান্য | |
---|