বৰ্ণনা
|
পাট পলুৱে লেটা দিয়াৰ পাচত সেই লেটা গৰম পানীত তিয়াই তাৰ পৰা টাকুৰীৰে সূতা কাটি কাটি পাট সূতা তৈয়াৰ কৰে অসমীয়া শিপিনীয়ে। সূতা কাটি শেষ হলে সেই সূতাৰে তাঁত বাতি কৰি শালত লগাই পাট কাপোৰ বৈ উলিয়াই। পাট কাপোৰ অসমৰ শোৱালকুছী, গেৰজাইপাম, জাজৰি আদি ঠাইত তৈয়াৰ হয়।
|