কৰতোৱা নদী (ইংৰাজী: Karatoya River) ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন আন্তঃসীমান্ত নদী। নদীখন ভাৰতৰ পশ্চিম বংগৰ জলপাইগুৰি জিলা আৰু বাংলাদেশৰ উত্তৰ-পশ্চিম অংশৰ পঞ্চগড় আৰু দিনাজপুৰ জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৮৭ কিলোমিটাৰ, গড় প্ৰস্থ ১৩৫ মিটাৰ আৰু নদীখনৰ প্ৰকৃতি সৰ্পিল আকৃতিৰ। নদীখনৰ বাংলাদেশৰ পানী উন্নয়ন ব'ৰ্ড বা "পাউবো"ৰ দ্বাৰা প্ৰদান কৰা পৰিচয় নম্বৰ হৈছে উত্তৰ-পশ্চিম অঞ্চলৰ ১৩ নং নদী।[1]
নামৰ উৎপত্তি
নদীখনৰ নাম দুটা সংস্কৃত শব্দ কৰ অৰ্থাৎ হাত আৰু তোৱা অৰ্থাৎ পানীৰ দ্বাৰা গঠিত। হিন্দু পৌৰাণিক কাহিনী অনুসৰি শিৱ আৰু পাৰ্বতীৰ বিবাহৰ সময়ত নদীখন শিৱৰ হাতত ঢালি দিয়া পানীৰ দ্বাৰা সৃষ্টি হৈছিল।[2]
ইতিহাস
কৰতোৱা নদী প্ৰধানকৈ ৰাজশাহী আৰু ৰংপুৰ বিভাগৰ অন্তৰ্গত এখন সৰু নদী যি এসময়ত এখন ডাঙৰ আৰু পৱিত্ৰ নদী আছিল। ইয়াৰ এচোৱা প্ৰবাহক বৰ্তমান কৰতোৱা নিম্ন নদী বুলি কোৱা হয়। এই নদীখন বগ্ৰা জিলাৰ মহাস্থানগড়ৰ মাজেৰে বৈ গৈছে। মহাস্থানগড় পুন্দ্ৰনগৰ আৰু প্ৰাচীন পুন্দ্ৰবৰ্ধন চহৰৰ ৰাজধানী বুলি জনা যায়। কৰতোৱাৰ মাহাত্ম্যয়ে ইয়াৰ অতীত পৰম্পৰা প্ৰমাণ কৰে।[3]মহাভাৰতত উল্লেখ থকা মতে তিনিদিন উপবাস ৰখাৰ পিছত কৰতোৱা নদীত ভ্ৰমণ কৰাটো অশ্বমেধা যজ্ঞৰ গুণৰ সমান।[4] আন এখন প্ৰাচীন চহৰ শ্ৰাৱস্তী সম্ভৱতঃ মহাস্থানগড়ৰ উত্তৰে কৰতোৱাৰ পাৰত অৱস্থিত আছিল। অৱশ্যে শ্ৰাৱস্তীৰ সম্ভাব্য স্থিতিৰ ওপৰত এক বিতৰ্ক আছে।[5]যোগিনী তন্ত্ৰ অনুসৰি কৰতোৱা নদী প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা আছিল। কৰতোৱা নদীৰ উল্লেখ পুৰাণত পোৱা যায় আৰু নদীখন পৱিত্ৰতাৰ বাবে উচ্চ প্ৰতিষ্ঠিত হৈছিল। ই আছিল প্ৰাচীন পুন্দ্ৰবৰ্ধন ৰাজ্যৰ পূব সীমা আৰু কামৰূপ ৰাজ্যৰ পশ্চিম সীমা।
↑ 3.03.13.23.3Majumdar, Dr. R.C., History of Ancient Bengal, First published 1971, Reprint 2005, p. 4, Tulshi Prakashani, Kolkata, আই.এচ.বি.এন.81-89118-01-3.
↑Majumdar, S.C., Chief Engineer, Bengal, Rivers of the Bengal Delta, Government of Bengal, 1941, reproduced in Rivers of Bengal, Vol I, 2001, p. 45, published by Education department, Government of West Bengal.