কমিক্চ বা কমিক্ছ (ইংৰাজী: Comics; মূল গ্ৰীক ভাষাκωμικός, kōmikos "কমেডিৰ লগত জড়িত", মূল শব্দ κῶμος - kōmos "revel, komos",[1] via the Latincōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক'বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্চ হ'ব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেতিয়াবা অৱশ্যে লিখিত অংশই নতুন মন্তব্যও দাঙি ধৰিব পাৰে। [2]
প্ৰথম অৱস্থাত ঘাইকৈ এই মাধ্যমত ঘাইলৈ ধেমেলীয়া কথা উপস্থাপন কৰা হৈছিল বাবেই ইয়াক কমিক্চ বোলা হৈছিল। সেই সময়ত ইয়াৰ বাহিৰেও আন ধেমেলীয়া ক্ষেত্ৰতো কমিক্চ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কমিক্চ মূলত: ক্ৰমাগত ভাৱে সজ্জিত ছবি। ছবি আৰু লিখা দু্য়োটাই থাকিলেও ছবিৰ প্ৰাধান্য লিখা অংশতকৈ বেছি। ছবি থকা কিতাপ (Picture Book) আৰু কমিক্চৰ মাজত পাৰ্থক্য মূলত: ছবিৰ ক্ৰমৰ বিন্যাসত। কিছুমানৰ মতে কমিক্চৰ সংজ্ঞা তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।[3].
ইতিহাস
চালুকীয়া অৱস্থা
এটা কলা মাধ্যম হিচাবে কমিক্চে পৰিপূৰ্ণতা লাভ কৰে উনৈছ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত। চলচ্চিত্ৰ আৰু এনিমেছন-ৰ লগত কমিক্চৰ বিকাশ হয়। এই তিনিওটা মাধ্যমেই দৃশ্য আৰু লেখন/শব্দ-ৰ সংকৰ। আৰু তিনিওটা মাধ্যমৰ বিকাশ প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগত জড়িত। বাতৰিকাকত আৰু আলোচনী-ৰ বহুল প্ৰচাৰ হোৱাৰ পাছতহে কমিক্চে জনপ্ৰিয়তা লাভ কৰে যদিও ছবিক এটা ক্ৰমত সজ্জিত কৰি কাহিনী কোৱাৰ প্ৰচেষ্টা বহু আগৰপৰাই কৰি থকা হৈছে।
ৰোমান আমোলৰ (১১৩ খ্ৰীষ্টাব্দ) ট্ৰাজান স্তম্ভত ক্ৰমাগত ছবি দেখা যায়। ইয়াৰ বাহিৰেই মিছৰীয় হিয়েৰ'গ্লিফ, মধ্যযুগৰ দীঘল ছবি আৰু কিছুমান ছপা গ্ৰন্থতো এই প্ৰচেষ্টা লোৱা দেখা যায়। মধ্য যুগৰ কিছুমান ছবিটো একখন পটতে কেবাটাও ঘটনাৰ চিত্ৰণ দেখা যায়। (কাষৰ ছবি চাওক)
অৱশ্যে এনে ছবি দৰ্শক বা পঢ়ুৱৈৰ হাতত গৈ পৰা নাছিল। ছপাশাল প্ৰযুক্তিৰ বিকাশৰ পাছতহে এই মাধ্যমৰ বহুল প্ৰচলন হোৱাটো সম্ভৱ হৈছিল৷[4][5][6]
১৫-দশ শতিকা আৰু ১৮-দশ শতিকাৰ ছপা-প্ৰযুক্তিৰ বিকাশ
ছপাশাল উদ্ভাৱনৰ পাছতো ছবি ছপা কৰা প্ৰযুক্তিৰ বিকাশ হ'বলৈ কিছু সময় লাগিছিল। কাৰণ আখৰ আৰু ছবি দুয়োটাক বেলেগ বেলেগ পদ্ধতিৰে ছপা কৰা হৈছিল। প্ৰথমৰ ছবিবোৰ ঘাইকৈ আছিল ধৰ্মৰ লগত জড়িত। পাছলৈ ১৭ আৰু ১৮ শতিকাত ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ কথা লৈ ছবি ছপা কৰা হৈছিল। বহুল প্ৰচাৰিত এই ছবিবোৰ আছিল হাস্য ৰস উদ্ৰককাৰী প্ৰহসনমূলক। এই সময়তে ছবিৰ লগত কথাৰ গোলক (speech bubble) দিয়াও আৰম্ভ হয়।
উলিয়াম হ'গাৰ্থক কমিক্চ শিল্পৰ লগত জড়িত প্ৰথম ব্যক্তি বুলি জনা যায়। তেখেতে প্ৰনয়ন কৰা A Rake's Progressত, আঠখন কেনভাছৰ এটা ক্ৰমত এটা এটা কাহিনী কোৱা হৈছিল। প্ৰতিখন কেনভাছেই বেলেগে বেলেগে ছপা কৰি উলিওৱা হৈছিল। ছপা-প্ৰযুক্তিৰ বহুত বিকাশৰ ফলত বাতৰি-কাকত আৰু আলোচনীৰ প্ৰসাৰ বাঢ়ে। এই বিলাকত ৰাজনৈতিক আৰু সামাজিক অৱস্থা বৰ্ণনা কৰিবলৈ এনে ছবিৰ প্ৰয়োগ কৰা হৈছিল। ১৮৪০ চনত এনে ছবিক কাৰ্টুন বুলি কোৱা হয়। পাছলৈ শিল্পীসকলে এটা ক্ৰমৰ কেইবাখনো ছবি আঁকি এটা কাহিনী ব্যক্ত কৰাৰ নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।
কথা গোলকৰ (Speech Balloon) ব্যৱহাৰো এই সময়ৰ পৰাই আৰম্ভ হয়। আগৰচোৱাত ছবিৰ তলত বা ওপৰত চৰিত্ৰৰ নাম বা উদ্দেশ্য লেবেল হিচাপে লিখি দিয়া হৈছিল। যাক phylacter বোলা হৈছিল। পাছলৈ কথা গোলক ব্যৱহাৰ কৰি ছবিৰ মাজলৈ অনা হ'ল। অৱশ্যে এতিয়াও ইয়াক কাহিনী বৰ্ণনা কৰাৰ বাবেই ব্যৱহাৰ কৰা হৈছিল। সোনকালেই ছবিৰ মাজত কথা গোলক দিয়াটো বন্ধ কৰি শিল্পীয়ে কাহিনীটো এটা পেনেলৰ তলত বৰ্ণনা কৰাটোৱেই বেছি পছন্দ কৰা হ'ল। সংলাপৰ বাবে কথা-গোলকৰ ব্যৱহাৰ পুনৰাই আৰম্ভ কৰে ৰিচাৰ্ড এফ. আউটকাল্ট-এ। পিছে চৰিত্ৰটো চিনাকি কৰি দিয়াতকৈ চৰিত্ৰৰ মুখৰ সংলাপ দিয়া হৈছিল।[7]
আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিচাৰ্ড এফ. আউটকাল্ট-এ (R.F. Outcault's) ছবিৰ লগতে কথ-গোলক সংল্গন কৰি কমিক্চক বৰ্তমানৰ ৰূপ দিয়ে। তেখেতৰ হোগান'ছ এলি (Hogan's Alley)-ত ভূমূকি মৰা দা ইয়েল' কিড (The Yellow Kid) আধুনিক কমিক্চৰ বাটকটীয়া বুলি কোৱা হয়।[17] অৱশ্যে কমিক্চ ইতিহাস খোঁচৰা সকলে বৰ্তমান একে আংগিকৰ অন্যান্য কমিক্চ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি ইয়েল' কিডতকৈ আগতকৈ প্ৰকাশ হৈছিল। কিন্তু ইয়েল' কিডৰ সাফল্যই হে কমিক্চক সন্মানীয় ৰূপ দি এই মাধ্যমৰ বহুল প্ৰসাৰ সম্ভৱ কৰি তোলে।[18][19]
বিংশ শতাব্দী আৰু কমিক্চৰ জয়যাত্ৰা
১৯২০ আৰু ৩০-ৰ দশকত কমিক্চ উদ্যোগ বহুল ভাৱে গঢ় লৈ উঠে। হাত-পুঠিৰ আকৃতিৰ প্ৰথম কমিক্চ কিতাপ 'লিয়ানহুৱানহুৱা' (Lianhuanhua) ৰ প্ৰচলন হয় চীনত।[16] আনহাতে ব্ৰিটেইনতো কমিক্চ সংগ্ৰহ প্ৰকাশ হ'বলৈ ধৰে। ব্ৰিটেইনৰ কমিক্ছ সম্ভাৰ মূলত: শিশুৰ বাবে প্ৰকাশ কৰা হৈছিল। The Dandy আৰু The Beano প্ৰথমে প্ৰচলিত দুখন কমিক্চ সংগ্ৰহ। বেলজিয়ামত হাৰ্জ-এ (Remi George-ৰ ছদ্মনাম Herge) সৃষ্টি কৰে এতিয়ালৈ জনপ্ৰিয় 'টিনটিনৰ অভিযান' (The Adventures of Tintin)। টিনটিন প্ৰথমে বাতৰিকাকতত এপাত এপাতকৈ প্ৰকাশিত হৈছিল আৰু পাছলৈ গোটেইখিনি এখন কিতাপ আকাৰে প্ৰকাশিত হয়। একেদৰেই আমেৰিকাতো বাতৰিকাকতত প্ৰকাশিত কমিক্ছ পৃষ্ঠাবোৰক সংযুক্ত ৰূপ দি কিতাপ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। ধেমেলীয়া গল্পৰে আৰম্ভ হ'লেও তেতিয়ালৈ ধেমালীৰ বাহিৰেও বীৰত্ব, ৰহস্য আদি বিভিন্ন ৰসৰ কমিক্ছ প্ৰকাশ কৰা হয়। ধীৰে ধীৰে বাতৰি কাকতত প্ৰকাশ নোহোৱাকৈয়ে কিছুমান নতুন কমিক্ছ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰা হয়।
১৯৩৮ চনত আমেৰিকাত স্থাপন হয় 'ডিটেক্টিভ কমিক্ছ' (Detective Comics, চমুকৈ DC Comics)। এই কোম্পানীৰ প্ৰকাশিত 'একছন কমিক্ছ'-ৰ (Action Comics) প্ৰথম সংখ্যাত প্ৰকাশ পায় সৰ্বকালৰ জনপ্ৰিয় এটা কমিক্ছ চৰিত্ৰ--'ছুপাৰমেন' (Superman)। শিল্পী জো ছাচ্টাৰ (Joe Shuster) আৰু লেখক জেৰী ছিগেল-ৰ (Jerry Siegel) যুটীয়া সৃষ্টি আছিল এই ছুপাৰমেন। তেওঁলোকে ১৯৩২ চনতে এই চৰিত্ৰৰ সৃষ্টি কৰিছিল। ছুপাৰমেনৰ প্ৰগাঢ় জনপ্ৰিয়তাই আন বহুতো ছুপাৰহিৰো-ৰ (Superhero) জন্ম দিয়ে। এটা সময়ত ছুপাৰহিৰো কমিক্ছৰেই আন এটা নামৰ দৰেই হৈ উঠে। ছুপাৰহিৰো কমিক্ছৰ জনপ্ৰিয়তা কমি আহে ১৯৫০ৰ দশকত। কিন্তু সোনকালেই নতুন ধৰণৰ ছুপাৰহিৰো আহি নতুন জনপ্ৰিয়তা পাবলৈ সক্ষম হয়।
মাংগা
বিশ্বযুদ্ধৰ পাছত জাপানত কমিক্ছৰ প্ৰসাৰ বৃদ্ধি পায়। জাপানৰ পাৰম্পৰিক চিত্ৰকলাৰ লগত নতুনত্বৰ সংমিশ্ৰণ কৰি নতুন বিধৰ কমিক্ছৰ জন্ম দিয়া হয় আৰু বৰ্তমান বিশ্বব্যাপী জনপ্ৰিয়তাৰ ক্ষেত্ৰত জাপানৰ কমিক্ছৰ নিজস্ব স্থান বিদ্যমান। 'অ'ছামু টেজুকা'-ই (Osamu Tezuka) প্ৰথমতে দীঘল কমিক্চৰ প্ৰবৰ্তন কৰি মহাকাব্যিক ধাৰাৰ কমিক্ছৰ প্ৰচলন কৰে। তদুপৰি তেওঁ কমিক্ছত চলচ্চিত্ৰৰ নিচিনা দৃশ্যাংশ, গতিৰ অনূভূতি, জটিল কাহিনী আৰু চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দি কমিক্ছক শিশু-উপযোগী এক চালুকীয়া কলাৰ সলনি এক নিসজস্ব শিল্পৰ মান দিবলৈ সক্ষম হয়। তেওঁৰ কমিক্ছ সমসাময়িক ডিজনী ছবি-ৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। জাপানৰ কমিক্ছক 'মাংগা' বোলা হয়। 'মাংগা'-ই শিশুৰপৰা আৰম্ভ কৰি পূৰ্ণ বয়স্ক আনকি অকল প্ৰাপ্তবয়স্কৰ উপযোগী কাহিনীকো সামৰি লয়। কেইবা প্ৰকাৰৰ মাংগাৰ প্ৰচলন আছে। মাগা সাধাৰণতে কেবাখনো কমিক্ছৰ সংগ্ৰহ হিচাপে প্ৰকাশ কৰা হয়। 'মাংগা'ৰপৰাই উদ্ভূত জাপানী এনিমেছন ছবি 'এনিম'-তো (Anime) 'মাংগা'সদৃশ গাঁথনি আৰু ছবি লক্ষ্য কৰা যায়। এই বিশেষ ৰূপে 'এনিম' ছবিসমূহকো এক বিশেষ ৰূপ দি জাপানী এনিমেছন ছবিক এক বিশেষ মৰ্য্যদা প্ৰাদান কৰিছে।
Kunzle, David (1973). The Early Comic Strip; Narrative Strips and Picture Stories in the European Broadsheet from c.1450 to 1825. University of California Press.
McCloud, Scott (1993). Understanding Comics: The Invisible Art. Kitchen Sink Press. ISBN0-87816-243-7.
Perry, George; Aldridge, Alan (1989 reprint with introduction). The Penguin Book Of Comics. Penguin. ISBN0-14-002802-1.
Sabin, Roger (1993). Adult Comics An Introduction. Routledge. ISBN0-415-04419-7.