কমলা ভাচিন |
---|
২০১৭ চনৰ ঢাকা সাহিত্য সন্মিলনত কমলা ভাচিন |
জন্ম |
২৪ এপ্ৰিল, ১৯৪৬ (৭৮ বছৰ) ভাৰত |
---|
মৃত্যু |
২৫ ছেপ্টেম্বৰ, ২০২১ (৭৫ বছৰ) দিল্লী, ভাৰত |
---|
পেচা |
নাৰীবাদী কৰ্মী, কবি, লেখক |
---|
ভাষা |
হিন্দী, ইংৰাজী |
---|
শিক্ষা |
কলা শাখাৰ স্নাতকোত্তৰ |
---|
মাতৃশিক্ষায়তন |
ৰাজস্থান বিশ্ববিদ্যালয়, মুনষ্টাৰ বিশ্ববিদ্যালয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
'বৰ্ডাৰচ্ এণ্ড বাউণ্ডেৰীজ: ৱুইমেন ইন ইণ্ডিয়াজ পাৰ্টিচন' (কিতাপ) |
কমলা ভাচিন (ইংৰাজী: Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে।[1] তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।[2] ভাচিনক ঘাইকৈ নাৰীবাদী নেটৱৰ্ক 'সংগত' ৰ সৈতে জড়িত হৈ কৰা কামবোৰ আৰু তেওঁৰ কবিতা 'কিউকি ম্যে লড়কী হুঁ, মুঝে পঢ়না হ্যে।'-ৰ বাবে জনা যায়।[3] ১৯৯৫ চনত তেওঁ এক সন্মিলনত জনপ্ৰিয় কবিতা 'আজাদী' (স্বাধীনতা)-ৰ এক পুনৰ্নিৰ্মাণ, নাৰীবাদী সংস্কৰণ পাঠ কৰে। তেওঁ 'ওৱান বিলিয়ন ৰাইজিং' ৰ দক্ষিণ এছিয়াৰ সমন্বয়ক।
তেওঁ 'সংগত'ৰ সৈতে কাম কৰিবলৈ ২০০২ চনত সংযুক্ত ৰাষ্ট্ৰৰ চাকৰিৰপৰা পদত্যাগ কৰে। 'সংগত'ৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য আৰু পৰামৰ্শদাতা আছিল।[4] ভাচিনে নাৰীবাদী তত্ত্ব আৰু সমুদায়িক কাম-কাজৰ একত্ৰীকৰণৰ ওকালতিত বিশ্বাস কৰিছিল। তেওঁ আদিবাসী আৰু শ্ৰমিক শ্ৰেণীৰ অৱহেলিত মহিলা সকলৰ হৈ কাম কৰিছিল আৰু অশিক্ষিতসকলৰ সৈতে কাম কৰিবলৈ বিভিন্ন পোষ্টাৰ, নাটক আৰু অন্যান্য পদ্ধতিৰ সহায় লৈছিল। কাৰ্যকৰী পৰিৱৰ্তনৰ বাবে সমুদায়িক কৰ্ম কাণ্ডৰ সৈতে শ্লোগানৰ মিল ৰাখি ভাচিনে কাম কৰিছিল।[4][5]
২০২১ চনৰ ২৫ ছেপ্টেম্বৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭৫ বছৰ বয়সত ভাচিনৰ মৃত্যু হয়।[6][7]
প্ৰাৰম্ভিক তথা ব্যক্তিগত জীৱন
তেওঁ নিজকে 'মধ্যৰাতিৰ প্ৰজন্ম' বুলি কৈছিল, যি স্বাধীনতাৰ সময়ত জন্ম গ্ৰহণ কৰা ভাৰতীয়সকলক দৰ্শায়। মাক-দেউতাকৰ ছটি সন্তানৰ তেওঁ আছিল চতুৰ্থটি। ভাচিনৰ দেউতাক ৰাজস্থানৰ এজন চিকিৎসক আছিল।[2][8] গাঁৱলীয়া পাৰিপাৰ্শ্বিকতাত ডাঙৰ-দীঘল হোৱা বাবে ই তেওঁক ভাৰতৰ গাঁৱৰ মহিলাসকলৰ সমস্যাসমূহ বুজাত সহায় কৰিছিল। এই অভিজ্ঞতাই কমলাৰ জীৱন আৰু কৰ্মজীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। তেওঁ চৰকাৰী বিশ্ববিদ্যালয়ৰপৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পিছত তেওঁ কৈছিল যে, এই অভিজ্ঞতা হতাশাজক আছিল আৰু তেওঁ দ্বিতীয় বিভাগতহে উৰ্ত্তীৰ্ণ হৈছিল।[4]
সেৱা মন্দিৰত কাম কৰাৰ সময়ত তেওঁ তেওঁৰ প্ৰাক্তন স্বামীক ৰাজস্থানত লগ পাইছিল। স্মৃতি ৰোমন্থন কৰি তেওঁ কৈছে যে, তেওঁৰ স্বামী এজন অবিশ্বাস্যভাৱে নাৰীবাদী আৰু প্ৰগতিশীল ভাৱধাৰাত বিশ্বাসী লোক আছিল। তেওঁলোকৰ সন্তানে তেওঁলোক দুয়োজনৰে উপাধি লোৱাটো কমলাৰ স্বামীয়ে বিচাৰিছিল আৰু কমলাৰ ৭০ বছৰীয়া মাক তেওঁলোকৰ সৈতে থাকিবলৈ আহোঁতেও তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। অৱশ্যে তেওঁ সংঘটিত কৰা ঘৰুৱা হিংসাৰ ঘটনাবোৰৰ বাবে পিছলৈ কমলাৰ সৈতে তেওঁৰ সম্পৰ্কত ভাঙোন ধৰে।[2][8] তেওঁৰ পূৰ্ণযৌৱনা জীৰ মৃত্যুক ভাচিনে তেওঁৰ জীৱনৰ বৃহৎ ক্ষতি বুলি গণ্য কৰিছিল। তাই তেওঁৰ বাবে বৰ আদৰৰ আছিল। ভাচিন এজন পুত্ৰ সন্তানৰো অধিকাৰী, এটা ভেকচিনৰ বিপৰীত ক্ৰিয়াৰ বাবে যি অক্ষম হৈ পৰিছিল।[2]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
- ৱিকিমিডিয়া কমন্সত কমলা ভাচিন সম্পৰ্কীয় মিডিয়া ফাইল।