আনোৱাৰ হুছেইন (ইংৰাজী: Anowar Hussain) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল। চেতন আনন্দৰ ‘মোচন পিকচাৰ্চ আৰ্ট একাডেমী’ৰ পৰা তেওঁ চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় শিক্ষাগ্ৰহণ কৰিছিল।[1][2]
প্ৰাৰম্ভিক আৰু শিক্ষাজীৱন
গুৱাহাটী কুমাৰপাৰাৰ বাসিন্দা হুছেইনৰ দেউতাৰ এজন চৰকাৰী ঠিকাদাৰ আছিল। দেউতাকে তেওঁক শ্বিলঙৰ ছেইণ্ট এন্থনীজ্ কলেজলৈ পঢ়িবলৈ পঠাইছিল। দেউতাকে বিচাৰিছিল, পুতেক এজন অভিযন্তা হওক। কিন্তু হুছেইনৰ সৰুৰে পৰা আগ্ৰহ চিনেমাৰ প্ৰতিহে আছিল। সেয়েহে তেওঁ চলচ্চিত্ৰ-কলা সম্পৰ্কে অধ্যয়ন কৰিবলৈ মুম্বাইৰ চেতন আনন্দৰ প্ৰতিষ্ঠান ‘মোচন পিকচাৰ্ছ আৰ্ট একাডেমী’ত নাম লগালে। অসমলৈ উভতি অহাৰ আগতে তেওঁ মুম্বাই আৰু কলকাতাত পৰিচালকৰ সহকাৰী হিচাপে কাম কৰি অভিজ্ঞতা অৰ্জন কৰিলে।[1]
চলচ্চিত্ৰ নিৰ্মাণ
নিজে ছবি নিৰ্মাণ কৰাৰ বাসনা লৈ তেওঁ অসমলৈ উভতি আছে আৰু ১৯৫৫ চনত সৰাপাত নামেৰে ছবি এখন আৰম্ভ কৰে। তেতিয়া তেওঁৰ বয়স মাত্ৰ ২১ বছৰ আৰু ভাৰতৰ সৰ্বকনিষ্ঠ পৰিচালক। ১৯৫৬ত সৰাপাতে মুক্তি পায়। বিধবা বিবাহক বিষয়-বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হুছেইন পৰিচালিত দ্বিতীয় ছবিখন হ’ল- নতুন পৃথিৱী, যিখন ১৯৫৮ চনত মুক্তি পায়। লক্ষ্মীনাথ বেজবৰুৱাৰ কৰুণ লোকগাথা তেজীমলাৰ আধাৰত ১৯৬৩ চনত নিৰ্মাণ কৰে ৰাষ্ট্ৰীয় বঁটা বিজেতা তেজীমলা ছবিখন।[3]
হুছেইনে পৰিচালনা কৰা আনকেইখন ছবি হ’ল- পাপ আৰু প্ৰায়শ্চিত্ত (১৯৭৭), শ্ৰী শ্ৰী মা কামাখ্যা[4] (১৯৮৩) আৰু মৃত্যুহীন জীৱন (২০০০)। তেওঁ নিৰ্মাণ কৰা বেছিভাগ ছবিৰে বিষয়-বস্তু আছিল নাৰীকেন্দ্ৰিক।[1]
বঁটা আৰু সন্মান
- তেজীমলা ছবিখনে আঞ্চলিক ভাষাৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ (১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৬২) লাভ কৰে।[5]
- ২০১০ চনত মুম্বাইৰ দাদা চাহেব ফালকে একাডেমীয়ে চলচ্চিত্ৰ উদ্যোদটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে হুছেইনক 'দাদা চাহেব ফালকে লাইফটাইম এচিভমেণ্ট বঁটা'ৰে সন্মানিত কৰে।[2]
- আজান পীৰ বঁটা, ২০২৩[6]
তথ্য উৎস