ছেকেণ্ড লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল[1] পৰম বীৰ চক্ৰ |
---|
জন্ম |
১৪ অক্টোবৰ, ১৯৫০ পুনা, বম্বে, ভাৰত |
---|
মৃত্যু |
১৬ ডিচেম্বৰ, ১৯৭১ (২১ বছৰ) বৰাপিণ্ড শকৰগড় চেক্টৰ |
---|
আনুগত্য |
ৰিপাব্লিক অৱ ইণ্ডিয়া |
---|
চাকৰি/শাখা |
ভাৰতীয় সেনাবাহিনী |
---|
চাকৰিৰ কাৰ্যকাল |
১৯৭১ (৬ মাহ)[2] |
---|
পদমৰ্যদা |
ছেকেণ্ড লেফটেনেণ্ট |
---|
চাৰ্ভিছ নাম্বাৰ |
IC-25067 |
---|
ইউনিট |
চেভেন্টিন পুনা হৰ্চ |
---|
যুদ্ধ-বিগ্ৰহ |
১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ বসন্তাৰ যুদ্ধ |
---|
পুৰস্কাৰ |
পৰম বীৰ চক্ৰ |
---|
স্বাক্ষৰ |
|
---|
মাতৃশিক্ষানুষ্ঠান |
দ্য লৰেঞ্চ স্কুল, চানাৱাৰ |
দ্বিতীয় লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল পি.ভি.চি (ইংৰাজী: Arun Khetarpal; ১৪ অক্টোবৰ ১৯৫০ – ১৬ ডিচেম্বৰ ১৯৭১) ভাৰতীয় সেনাৰ এজন বিষয়া, যাক সাহস আৰু বীৰত্বৰে দেশৰ হৈ যুঁজাৰ বাবে মৰণোত্তৰ ভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল। ১৯৭১ চনৰ ইন্দো-পাকিস্তান যুদ্ধৰ সময়ত শকৰগড়ৰ যুদ্ধক্ষেত্ৰত, বসন্তৰ যুদ্ধত তেওঁ শ্বহীদ হৈছিল ।
প্ৰাৰম্ভিক জীৱন
১৯৫০ চনৰ ১৪ অক্টোবৰত, মহাৰাষ্ট্ৰ পুনাৰ এটা হিন্দু, পাঞ্জাৱী ক্ষেত্ৰী পৰিয়ালত অৰুণ ক্ষেত্ৰপালৰ জন্ম হৈছিল।[3] তেওঁলোকৰ পৰিয়ালটো পাকিস্তানৰ চৰগোধাৰ আছিল আৰু বিভাজনৰ পিছত শৰণাৰ্থী হিচাপে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।[4] তেওঁৰ পিতৃ লেফটেনেণ্ট কৰ্ণেল (পিছলৈ ব্ৰিগেডিয়াৰ) এম এল ক্ষেত্ৰপাল ভাৰতীয় সেনাৰ এগৰাকী ইঞ্জিনিয়াৰ আছিল।[5] পৰিয়ালটোৰ এক দীঘলীয়া সামৰিক সেৱাৰ ইতিহাস আছিল, য’ত তেওঁৰ ককাদেউতাকে ডব্লিউ ডব্লিউ ওৱানত যুঁজিছিল আৰু প্ৰপিতামহে শিখ খালচা সেনাত সেৱা আগবঢ়াইছিল।[3] দিল্লীৰ ছেইণ্ট কলম্বা স্কুল আৰু চানাৱাৰৰ লৰেন্স স্কুলত পঢ়ি থাকোঁতে এজন দক্ষ শিক্ষাৰ্থী আৰু খেলুৱৈ হিচাপে অৰুণ ক্ষেত্ৰপালে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। তেওঁ বিদ্যালয়ৰ প্ৰিফেক্ট আছিল।[6] ১৯৬৭ চনৰ জুন মাহত তেওঁ নেচনেল ডিফেন্স একাডেমীত যোগদান কৰে।[3] তেওঁ ফক্সট্ৰট স্কোয়াড্ৰনৰ আছিল য’ত তেওঁ ৩৮ তম পাঠ্যক্ৰমৰ স্কোয়াড্ৰন কেডেট কেপ্টেইন আছিল। তেওঁৰ এন ডি এ নম্বৰ আছিল 7498/এফ/38। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় সামৰিক একাডেমীত যোগদান কৰে। ১৯৭১ চনৰ ১৩ জুনত[7] ক্ষেত্ৰপালক পুনা হৰ্ছত নিযুক্তি দিয়া হয়।[8]
সামৰিক জীৱন আৰু মৃত্যু
১৯৭১ৰ যুদ্ধ
১৮৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত, ১৭ পুনা হৰ্ছক ভাৰতীয় সেনাৰ ৪৭ তম ইনফেন্ট্ৰি ব্ৰিগেডৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছিল। সংঘৰ্ষৰ সময়ছোৱাত, ৪৭ তম ব্ৰিগেডে বসন্তৰ যুদ্ধত শকৰগড় খণ্ডত পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল।
বসন্তৰ যুদ্ধ
৪৭ তম ব্ৰিগেডৰ বাবে নিৰ্ধাৰিত কামবোৰৰ ভিতৰত আছিল; বসন্তৰ নদীৰ ওপৰেৰে এটি ব্ৰীজ-হেড স্থাপন কৰা। ১৫ ডিচেম্বৰৰ ২১:০০ বজাত, ব্ৰিগেডে ইয়াৰ লক্ষ্যত উপনীত হৈছিল যদিও ঠাইডোখৰ অত্যাধিক মাইনেৰে ভৰি থকাৰ বাবে ইয়াত পুনা হৰ্ছৰ টেংকবোৰ স্থাপন কৰাত বাধাৰ সৃষ্টি হৈছিল। টেংক স্থাপনৰ বাবে ইঞ্জিনিয়াৰ সকলে মাইন চাফা কৰাৰ কাম কৰি থকাৰ মাজতে ব্ৰীজ-হেডত থকা ভাৰতীয় দলটোৰপৰা খবৰ আহিছিল যে শত্ৰু সৈন্যৰ কুজ-কাৱাজ পৰিলক্ষিত হৈছে আৰু তেওঁলোকক তৎক্ষণাত অধিক সহায়ৰ প্ৰয়োজন। এয়া এনে সংকটপূৰ্ণ সময় আছিল যে পুনা হৰ্ছে মাইন ভৰ্তি ক্ষেত্ৰৰ মাজেদিয়ে টেংকসমূহ আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ৰেজিমেণ্টটো পিছদিনা ৰাতি পুওৱাৰ লগে লগে গৈ ব্ৰীজ-হেডত গৈ উপস্থিত হৈছিল আৰু তাত থকা সামৰিক দলটোৰ লগ লাগিছিল। [9]
ব্ৰীজ-হেড
৯ ডিচেম্বৰৰ পুৱা ৮:০০ বজাত, পাকিস্তানী আৰ্মীয়ে ধোঁৱাৰ আৱৰণৰ মাজেৰে জাৰ্পালত ছেভেনটিন পুনা হৰ্ছৰ বি স্কোৱাড্ৰনক প্ৰথমটো প্ৰত্যাক্ৰমণ কৰে। আক্ৰমণৰ সময়ত পাকিস্তানী ১৩ তম লান্সাৰসকলে, তেতিয়াৰ দিনত আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত অত্যাধুনিক ৫০ টন পেটন টেংক ব্যৱহাৰ কৰিছিল। ইয়াৰ স্কোয়াড্ৰন কমাণ্ডাৰে নিজৰ দলটো শক্তিশালী কৰিবৰ বাবে জৰুৰী সহায়ৰ বাবে আহ্বান জনায়। এ স্কোৱাড্ৰনৰ অৰুণ ক্ষেত্ৰপাল তেওঁৰ চেঞ্চুৰিয়ান টেংক ট্ৰুপৰ সৈতে ওচৰতে আছিল আৰু তেওঁৰ বাকী ৰেজিমেণ্টৰ সৈতে সহায়ৰ বাবে সঁহাৰি দিয়ে। এই যুদ্ধত বাৰে বাৰে আক্ৰমণ কৰিও পাকিস্তানী আৰ্মীক দমন কৰিব নোৱৰা সত্বেও অৰুণ ক্ষেত্ৰপালে তেওঁৰ থাকি যোৱা মাত্ৰ দুখন টেংকেৰে সৈতে পৰাক্ৰমেৰে যুঁজি মৃত্যুবৰণ কৰে।
পৰম বীৰ চক্ৰ
সৰ্বশ্ৰেষ্ঠ নেতৃত্ব, উদ্দেশ্যৰ দৃঢ়তা আৰু শত্ৰুৰ সৈতে বীৰত্বৰে যুঁজাৰ বাবে অৰুণ ক্ষেত্ৰপালক মৰণোত্তৰ ভাৱে পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়। তেওঁৰ বাবে এই বীৰত্বৰ প্ৰদৰ্শন কেৱল কৰ্তব্যৰ আহ্বানৰ নাছিল; ই আছিল বহুদূৰলৈ সাহস আৰু আত্মত্যাগৰ কাম।[5]
তথ্যসূত্ৰ