অসম চাহৰ "আৱিষ্কাৰ" ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়। অসমৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ "বন্য"অৱস্থাত গজি থকা দেখিছিল।
মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁৱৰ মুখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল।[6] তাত তেওঁ স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেওঁ বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। ইয়াৰ কিছু দিনৰ পিছতেই তেওঁৰ মৃত্যু হোৱাত, তেওঁ এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ'ল। ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসম চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল, যিটো চীনা প্ৰকাৰ Camellia sinensis var. sinensisৰ সৈতে একে নহয়।
সুকীয়া মান সময়
অসমৰ চাহ বাগিছাবোৰত ভাৰত আৰু শ্ৰী লংকাত ব্যৱহাৰ কৰা ভাৰতীয় মান সময় (IST) অনুসৰণ কৰা নহয়। অসমৰ চাহ বাগিছাৰ স্থানীয সময়, যাক "চাহ বাগান সময়" বা "বাগানটাইম" বুলি কোৱা হয়, ভাৰতীয় মান সময়তকৈ এঘণ্টা আগবঢ়া।[7] দেশৰ এই অঞ্চলত আগতীয়াকৈ সূৰ্যোদয় হোৱাটোক গুৰুত্ব দি, ব্ৰিটিছৰ দিনতেই এই পদ্ধতিটোৰ প্ৰচলন কৰা হৈছিল।
এই পদ্ধতিটোক এটা সফল পদ্ধতি বুলিব পাৰি, কাৰণ ইয়াৰ বাবেই চাহ বাগিচাৰ কৰ্মীসকলে দিনৰ ভাগত আন্ধাৰ হোৱাৰ আগতেই নিজৰ কাম সামৰিব পাৰে আৰু ই বাগিছাৰ উৎপাদনো বৃদ্ধি কৰে। চাহ বাগিচাৰ কৰ্মীসকলৰ কামকৰাৰ সময় পুৱা ৯ বজা (ভা. মা. স. পুৱা ৮ বজা)ৰ পৰা সন্ধ্যা ৫ বজা (ভা. মা. স. সন্ধ্যা ৪ বজা)লৈ, কিন্তু বাগিচা লৈ এই সময়ৰ কিছু সালসলনি দেখা যায়।
উল্লেখ্য যে, চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাইও উত্তৰ-পূৱৰ বাবে এটা সুকীয়া মান সময় প্ৰচলন কৰাৰ বাবে প্ৰচাৰ চলাইছিল।[7]
তথ্য সংগ্ৰহ
↑Tea Classification from Tea Research Association, Toklai (retrieved 2009/03/25)
↑Nitin Aant Gokhale (1998). The hot brew: the Assam tea industry's most turbulent decade, 1987-1997. Spectrum Publications. পৃষ্ঠা. 4. ISBN978-81-85319-82-7.