বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া লোকসকলে পালন কৰা তিনিটা লোক উৎসৱৰ সমষ্টি। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত"[3]।
ব’হাগ বিহু বা ৰঙালী বিহু : ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহুউৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে।[4]
কাতি বিহু বা কঙালী বিহু : আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়।
মাঘ বিহু বা ভোগালী বিহু : পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা।
মে-ডাম-মে-ফী (ইংৰাজী: Me-Dam-Me-Phi) হ'ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে প’মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে হ'ল দেও বা দেৱতা। অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়।
প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।[5]
অসমৰ কাৰবি আংলং, ডিমা হাছাও, উত্তৰ-কাছাৰ, নগাওঁ, শিৱসাগৰ, কামৰূপ আৰু শোণিতপুৰ জিলাত বসবাস কৰা কাৰবি জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ লগত সম্পৰ্কিত অনুষ্ঠানটোৱেই হল চমাংকান। কাৰবিসকলৰ বাদে অসম তথা ভাৰতবৰ্ষৰ আন কেনো জনগোষ্ঠীৰ মাজত মৃতকৰ সৎকাৰ অনুষ্ঠানটো ইমান বেছি বহল আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা দেখা নাযায়। চমাংকান শব্দটোৰ আক্ষৰিক অৰ্থ হল খাচী নৃত্য। কাৰবি ভাষাত চমাংৰ অৰ্থ খাচী আৰু কান মানে নৃত্য। কিন্তু উল্লেখযোগ্য কথা হল চমাংকান নামৰ কোনো নৃত্যৰ প্ৰচলন খাচীসকলৰ মাজত দেখা পোৱা নাযায়া। চমাংকান শব্দটোৰ বুৎপত্তি বিষয়ক বিভিন্ন ব্যাখ্যা কাৰবিসকলৰ মাজত পোৱা যায়। এটা ব্যাখ্যা অনুযায়ী কাৰবি ভাষাত চমাং মানে যম বা খাছি আৰু কান বা কেনান মানে উৎসৱ বা নাচ। সেই অৰ্থত যম বা মৃতলোকৰ উৎসৱ অথবা খাছীসকলৰ মাজত প্ৰচলিত নৃত্য-গীত এই অৰ্থহে চমাংকানৰ সৈতে খাপ খায়। কাৰিবসকলৰ চমাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’কেৰুং নাচৰ সৈতে খাছীসকলৰ নংক্ৰেম নাচ আৰু এই চমাংকান উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণ নৃত্যৰ সৈতে খাছীসকলৰ আন এটা ৰণনৃত্য পাছতিয়েচ বা মাছতিয়েচৰ বিশেষ মিল আছে (B.N. Bordoloi: Chamangkan, the death ceremony performed by the Karbis. 1982 & Hamlet Bareh: The History and Culture of the Khasi People, 1967)।
কাৰবিসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি মতে কাৰবি প্ৰখ্যাত যোদ্ধা আৰু সমাজ সংস্কাৰক থিৰেংৱাংৰেঙৰ লগত থকা যমৰাজৰ মিতিৰ সম্পৰ্কৰ (তেওঁলোকৰ বিশ্বাস মতে থিৰেংৱাংৰেঙে যমৰজাৰ জীয়েকক বিয়া কৰাইছিল) সুবাদতে তেওঁ যমৰজাই পালন কৰা নৃত্য উপভোগ কৰাৰ সুবিধা পাইছিল। আৰু তাৰ পৰাই চমাংকান শব্দটোৰ অৰ্থ বিশ্লেষণত চম শব্দৰ অৰ্থ যম আৰু কানৰ অৰ্থ নৃত্য-গীত বুলি কব খোজে বিভিন্নজনে। থিৰেংৱাৰেঙৰ প্ৰচলিত কিংবদন্তিটো আকৌ আন এচামৰ মতে অন্য ধৰণৰ। তেওঁলোকৰ মতে এই থিৰেংৱাৰেঙে মানুহৰ আত্মাই যমপুৰীত ভোগা দুৰ্ভোগ দেখি ইয়াক লাঘৱ কৰাৰ উদ্দেশ্যে মৃত্যুৰ অধিপতিগৰাকীক সন্তুষ্ট কৰাৰ বাবে উৎসৱৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই চম-আৰং-আকান অৰ্থাৎ যমপুৰীৰ উৎসৱৰ পৰাই সময়ত চমাংকান হিচাপে ই পৰিচিতি লাভ কৰিছিল।
কাৰবিসকলৰ মাজত প্ৰচলিত অন্য এটা জনশ্ৰুতি মতে চুমুং চামাৰ ফৈদৰ কাৰ্বি চিকাৰী এজনে কুকুৰ মেলি দি চিকাৰত এদিনাখন গুঁই এটা পালে আৰু তাক মাৰিব খোজোঁতে সি মৃতলোকৰ পৰা অহা কথাটো জনাই প্ৰাণ ৰক্ষাৰ বাবে কাকূতি-মিনতি কৰিলে। তাৰ বিনিময়ত সি চিকাৰীজনক যমৰাজ্য দেখুৱাৰ দায়িত্ব ললে। সেই মতে চিকাৰীজনে যমৰাজ্যলৈ গৈ উভতি আহি মৃতকৰ উদ্ধাৰৰ বাবে চমাংকান শ্ৰাদ্ধ-বিধিৰ প্ৰচলন কৰিলে। অন্য এক বিশ্বাস মতে – কাৰিবসকলৰ মৃতকৰ উৎসৱলৈ ওচৰৰ কাৰবি গাঁৱৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰাও চমাংকান নামটোৰ উৎপত্তি সম্পৰ্কিত। ওচৰৰ গাঁৱৰ পৰা অহা নিমন্ত্ৰিত এনে দলক কাৰবি ভাষাত চমফাং বোলে। এই বেলেগ বেলেগ দলৰ সমূহীয়া নৃত্য-অনুষ্ঠানক আকৌ চমফাংকান বোলে। কালক্ৰমত এই চমফাংকানৰ ফ লোপ পাই চমাংকান হল বুলি বহুতে ধাৰণা কৰে।
কাৰবিসকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান চমাংকান মূলতঃ ব্যক্তিকেন্দ্ৰিক অনুষ্ঠান হলেও বৰ্তমান ই উৎসৱৰ ৰূপ পৰিগ্ৰহ কৰিছে। কাৰবি জনজীৱনক প্ৰতিফলিত কৰা এক বহুৰঙী সাংস্কৃতিক অনুষ্ঠান হৈ পৰিছে। চমাংকানৰ পটভূমিতে কাৰবি কলা-সংস্কৃতিৰ আটাইবোৰ উপাদানৰ সমন্বয় ঘটি উৎসৱৰ মৰ্যাদা প্ৰাপ্ত হৈ উঠিছে। কাৰবি সংস্কৃতিৰ উপাদানবোৰ যেন চমাংকানৰ সৈতে সংপিক্ত হৈ এক সাংস্কৃতিক সমন্বয়ৰহে সৃষ্টি সম্ভৱ হৈ উঠিছে। চমাংকানৰ মুখ্য লোক হল উচেপী আৰু দুইহুদি। উচেপীগৰাকী বৃদ্ধ বা বয়সস্থা মহিলা হয়। তেওঁৰ প্ৰধান কাম হল মৃতকৰ উদ্দেশ্যে ভাত ৰন্ধা আৰু মৃতকৰ তথা মৃতকৰ পৰিয়ালৰ গুণানুকীৰ্তন কৰি উচুপি উচুপি কন্দা। মৃতকৰ উদ্দেশ্যে ৰন্ধা ভাত তেৱেঁই উছৰ্গা কৰে। আনহাতে দুইহুদি হল ঢোলবাদক। সাধাৰণতে চমাংকানত দুজন দুইহুদি থাকে। এজন মুখ্য আৰু আনজন পালি। তেওঁলোকেও এই উৎসৱৰ আৰম্ভণিৰে পৰা শেষলৈকে বিভিন্ন কাৰ্যসূচীত খাপ খোৱাকৈ ঢোল বজায়। চমাংকান উৎসৱত মাতৃপক্ষৰ লোকসকলে প্ৰধান ভূমিকা লয়।
কাৰবি লোকবিশ্বাসত মানুহ আৰু আত্মা একে নহয়। দেহটো জুইত দহন কৰি পেলালেও আত্মাৰ দহন নহয়, আত্মা যম ৰাজ্যলৈ গুচি যায়। কিন্তু মাজবাটতে কোনো টঙিঘৰত আশ্ৰয় লয়, শেষত পৰিয়ালৰ মানুহে চমাংকান বা দহাৰ কাম সম্পন্ন কৰিলেহে আত্মা স্বৰ্গলৈ গৈ থিতাপি লয়। আৰু কিছুদিনৰ পাছত পুনৰ নিজৰ পৰিয়ালতে পুনৰ্জন্ম লয়।
বৰ্তমান উক্ত থানত বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহি পূজা সেৱা কৰেহি।পূজাৰ দিন দৌলযাত্ৰাৰ দিনা। কথিত আছে যে সিদিনা পুৱা সূৰ্য উদয় হোৱাৰ ঠিক আগে আগে একেলেথাৰীয়ে তিনি বছৰ এই গৰখীয়া থানত পূজা দিলে মনোবাঞ্ছা পূৰ্ণ হয়।সেয়ে পূজা আগদিনা আহি গৰখীয়া পুখুৰী পাৰত অৱস্থিত গৰখীয়া থানত ৰাতিটো কটাই পিছদিনা দোকমোকালিতে পূজা দি ঘূৰি যায়।এই গৰখীয়া পুখুৰীটো কোনে খান্দাইছিল জনা নাযায় যদিও দ'লটো আধুনিক ধৰণে সজাই তোলা বেছি দিন হোৱা নাই।অসমত গৰখীয়া দ'লৰ বহুল সংখ্যালৈ চাই এনেধৰণৰ কাহিনী,উপ-কাহিনীৰ সংখ্যা প্ৰচুৰ পৰিমাণে আছে বুলি ক'ব পাৰি। [11]
উজনি অসমত এসময়ত গৰু উদং দিবৰ দিনা গৰখীয়া 'ভোগ দিয়া'নামৰ এটা গৰখীয়া সেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল। উল্লেখ কৰিব পাৰি যে কোনো কোনো অঞ্চলত পায়সক 'ভোগ' বুলি কয়। পুহ মাহত গৰু উদং দিয়াৰ সময়।সেই সময়ত মানুহৰ ঘৰে ঘৰে বৰা ধান উভৈনদী হয়। নতুনকৈ জগা গাই বোৰৰ পৰা প্ৰচুৰ পৰিমাণে গাখীৰ পোৱা যায়। গতিকে গৰখীয়াসকলে গৰখীয়া ভোগৰ বাবে বিশেষকৈ একো চিন্তা কৰিব লগা নহৈছিল।কিছু বছৰৰ আগলৈকে দিৰৈ নদীৰ কাষৰীয়া সৰু সৰু চাপৰি অঞ্চলত প্ৰচুৰ পৰিমাণে চৰণীয়া পথাৰ আছিল। হাবিও আছিল পৰ্যাপ্ত পৰিমাণে। গৰু উদং দিবৰ দিনা বা আগদিনা গৰখীয়াহঁতে বছৰৰ ছমাহলৈ মুকলি হোৱাৰ আনন্দত নদী কাষৰীয়া হাবিবোৰতে মিলি-জুলি ভোগ ৰান্ধী গৰখীয়া সেৱা অনুষ্ঠান পাতিছিল।এই সেৱা অনুষ্ঠান বুঢ়া-ডাঙৰীয়ালৈ ভাগ এটা আগবঢ়োৱাটো অতি প্ৰয়োজনীয় আছিল।
গৰু অসমৰ লোকজীৱনত কিমান আদৰ,সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই।ভাৰতবৰ্ষৰ বহুতো সমাজৰ দৰেই উজনিৰ কিছু কিছু অঞ্চলত খেতিয়কসকলে খেতিপথাৰত নমাৰ লগে লগে গৰু-ম'হৰ কুশল কামনা কৰি এটা ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে।নাম-'ম'হৰ চাউল খোৱা'।উল্লেখযোগ্য যে এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানত গৰু-ম'হৰ ৰখীয়াসকলে আগস্থান পাই।অৰ্থাৎ খেতি কৰি থকাৰ সময়ছোৱাত গৰু-ম'হৰ যাতে কোনো অপায়-অমংগল নহয়,তাৰ কামনাৰে নিৰ্দিষ্ট দেৱতাসকলক বন্দনা কৰা হয়।ৰাজহুৱাকৈ আয়োজিত 'ম'হৰ চাউল খোৱা'অনুষ্ঠান।নৈপৰীয়া অঞ্চল বা নামঘৰৰ প্ৰাংগণত আয়োজন কৰা হয়।এই অনুষ্ঠানটোত ম'হৰ নামত 'চাউল'(অন্ন) আৰু গৰুৰ নামত'ভোগ'(পায়স) যথা ৰীতি নীতি মাজেদি সম্পন্ন হয়। [12]
গৰুৱেই যিহেতু খেতিয়কৰ ৰাইজৰ সৰ্বেসৰ্বা।সেয়ে কাতি-আঘোণ মাহত প্ৰতি ঘৰে ঘৰে 'গৰু পিঠাগুড়ি খোৱা' নামৰ এটা 'গৰখীয়া সেৱা' অনুষ্ঠান সন্ধিয়াৰ ঠিক আগতেই অনুষ্ঠিত কৰে।এই অনুষ্ঠান মূলতঃ গৰখীয়াকেন্দিক যদিও অন্যান্য গঞা লোকৰ বাবেও আকৰ্ষণীয়। এই পিঠাগুড়ি খোৱা অনুষ্ঠানতে ন-মুঠিও দিয়াৰ ব্যৱস্থা কৰে।এই অনুষ্ঠানটো জৰিয়তে অসমীয়া লোকজীৱনত গৰু আৰু গৰখীয়াৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন প্ৰকট হৈ পৰিছে।উল্লেখ্য যে গৰখীয়া সেৱাৰ এই অনুষ্ঠানটোৰ এখন জীৱন্ত ছবি হোমেন বৰগোহাঞিয়ে তেখেতৰ বিখ্যাত গল্প'গৰখীয়া'যোগেদি দিঙি ধৰিছে।গৰু বা গৰখীয়া দৰে ম'হ বা ম'হৰখীয়া সকলো স্থান লোকসমাজত উল্লেখনীয়।কোনো কোনো অঞ্চলত যাৰ যাৰ ঘৰত ম'হ থাকে,তেওঁলোকে আঘোণ মাহত 'ম'হৰ চাউল খোৱা' অনুষ্ঠান পাতে। পালক গৃহস্থই এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানৰ লগত সংযুক্তভাৱে ন খোৱা অনুষ্ঠান আয়োজন কৰে।'গৰু পিঠাগুড়ি খোৱা'ত গৰখীয়াৰ দৰে এই অনুষ্ঠানটো ম'হৰখীয়া সকলে বিশেষ অগ্ৰাধিকাৰ পায়।