অপৰ্ণা মহন্ত

অপৰ্ণা মহন্ত
জন্ম ২০ আগষ্ট, ১৯৪৬ (৭৮ বছৰ)
শিৱসাগৰ
মৃত্যু ২৬ জানুৱাৰী, ২০২২ (৭৫ বছৰ)
ডিব্ৰুগড়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, শিক্ষাবিদ, গৱেষক


অপৰ্ণা মহন্ত (২০ আগষ্ট, ১৯৪৬- ২৬ জানুৱাৰী, ২০২২) অসমৰ এগৰাকী নাৰীবাদী সাহিত্যিক,[1] শিক্ষাবিদ আৰু গৱেষক।[2] ইংৰাজী সাহিত্যত ডক্টৰেট লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা। শিৱসাগৰত জন্মলাভ কৰা মহন্তই শ্বিলঙত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পাছলৈ ১৯৮২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰে।[2] তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু শিক্ষানুষ্ঠানখনত 'নাৰী শিক্ষা কেন্দ্ৰ' এটা মুকলি কৰিছিল। আশী আৰু নব্বৈৰ দশকত অসমত মহিলা সবলীকৰণৰ বাবে হোৱা প্ৰচেষ্টাৰ তেখেতে গুৰি ধৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ লগতে তেখেত প্ৰথম অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতি'ৰ সংকলক আছিল।

জন্ম

তেখেতৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২০ আগষ্টত শিৱসাগৰৰ আমোলাপট্টিত। পিতৃৰ নাম পাৰ্বতীচৰণ দত্ত মাতৃৰ নাম অনিলা দত্ত। তেখেত ঘৰখনৰ প্ৰথম সন্তান আছিল। [3]

শিক্ষা

চাৰিবছৰ বয়সত দদাইদেউক স্বৰ্গীয় ৰাধাচৰণ দত্ত আৰু খুৰীয়েক স্বৰ্গীয়া লীলাৱতী দত্তৰ সৈতে শ্বিলংলৈ আহি চেইণ্ট মেৰীজ স্কুলত তেখেতে বিদ্যা আৰম্ভ কৰে। ১৯৬২ চনত সুখ্যাতিৰে চেইণ্ট মেৰীজ স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি শ্বিলঙৰ চেইণ্ট মেৰীজ কলেজত কলা বিষয় লৈ কলেজীয়া শিক্ষা আৰম্ভ কৰে। ১৯৬৩ চনত পি. ইউ পৰীক্ষাত তেখেতে তেতিয়াৰ অবিভক্ত অসমত পঞ্চম স্থান অধিকাৰ কৰি চেইণ্ট মেৰীজ কলেজতে ইংৰাজী সাহিত্যৰ স্নাতক শাখাত যোগদান কৰে। ১৯৬৬ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ শ্ৰেণীত যোগ দিয়ে। ১৯৬৮ চনত ড° অপৰ্ণা মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2] ১৯৬৮ চনত মহন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্ত হয়। ১৯৭১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা ড° পৰমানন্দ মহন্তৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ১৯৭৩ চনত ব্ৰিটিছ কাউন্সিলৰ জলপানি লৈ ইংলেণ্ডৰ লীড্ড বিশ্ববিদ্যালয়ৰ (Leeds University) পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ (MA) ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত ড° কবীন ফুকনৰ তত্ত্বাৱধানত সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। তেখেত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট। তেখেতৰ গৱেষণাৰ বিষয় আছিল- জনাথন চুইফ্ট আৰু জৰ্জ অৰৱেলৰ ৰাজনৈতিক লিখনিৰ বিশ্লেষণ। [3]

কৰ্মজীৱন

তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু পিছলৈ তেখেত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপেও নিযুক্ত হয়। সেই সময়ত তেখেতে বহুতো ইংৰাজী সাহিত্যৰ পৰীশীলন (UGC) কাৰ্য্যক্ৰম পৰিচালনা কৰিছিল।[1] তেখেত এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী আছিল। ১৯৯০ চনত তেখেতে ড° বাণীকান্ত কাকতীৰ শতবাৰ্ষিকী উদ্যাপন কৰিছিল। আশীৰ দশকৰ শেহৰফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহিলা কৰ্মীসকলৰ বাবে প্ৰফেশ্যনেল উইমেনচ ফৰাম (Professional Women's Fo- rams) আৰম্ভ কৰিছিল আৰু আলোচনা সভা আৰু সাংগঠনিক কামৰ লগতে চতুৰ্থবৰ্গৰ মহিলা কৰ্মীসকলৰ শিক্ষা বিষয়ক প্ৰসাৰণৰ অহৰহ চেষ্টা চলাইছিল। ইয়াতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ (Women's Studies Cen- tre) বীজ অংকুৰিত হ'ল। ২০০২ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালিকা নিযুক্ত হয়। এই সময়ছোৱাত তেখেতে অক্লান্ত পৰিশ্ৰমেৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰদেশত নাৰী অধ্যয়ন কেন্দ্ৰ স্থাপনৰ উদ্যোগ লয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা প্ৰায় সকলোবোৰ মহাবিদ্যালয়তে তেখেতে নাৰী অধ্যয়ন কেন্দ্ৰ (Women's Well) C প্ৰতিষ্ঠাত উদ্যোগ লৈছিল। ২০০৬ চনত তেখেতে ইংৰাজী বিভাগৰ অধ্যাপক আৰু নাৰী অধ্যয়ন কেন্দ্ৰ সঞ্চালিকা পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।<ref name="মহন্ত">

সামাজিক জীৱন

কৰ্ম জীৱনত আৰু অৱসৰৰ পাছতো তেখেতে গৱেষণা, সাহিত্যচৰ্চা আৰু অন্যান্য সামাজিক বিকাশৰ কাৰ্যক্ৰম অব্যাহত ৰাখিছিল। ১৯৮৩ চনত তেখেতে নাৰী চেতনা বিকাশৰ কাৰণে 'আইদেউৰ জোনাকী বাট' নামৰ মহিলা আৰু সমাজ সম্পৰ্কীয় আলোচনী এখন আৰম্ভ কৰিছিল। পুৰণি অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতীৰ' প্ৰকাশত আগভাগ লৈছিল।[1] ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত ৮ মাৰ্চত আন্তজাৰ্তিক নাৰী দিৱস ডিব্ৰুগড় জিলা পুথিভঁৰালত উদ্যাপন কৰিছিল। বিভিন্ন স্তৰৰ নাৰীয়ে সেই অনুষ্ঠানত যোগদান কৰি অতিকৈ উৎসাহিত হৈছিল। তেখেতে অসম আৰু ভাৰতৰ বিভিন্ন কোণলৈ গৈ নাৰী সংগঠনৰ বিকাশত অপ্ৰাণ চেষ্টা চলাইছিল। সেই সময়ত তেখেত Indian Association for Women's Studies ৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। তেখেতে কাৰ্যনিৰ্বাহক সদস্য আৰু উপ-সভাপতি দায়িত্ব পালন কৰিছিল। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো তেখেতে সৰ্বভাৰতীয় স্তৰত মহিলাৰ দৃষ্টিকোণ সোমোৱাবলৈ চেষ্টা কৰিছিল।[2] তেখেত Govt of India ৰ "National Resources group", মহিলা সমস্যা প্ৰগ্ৰাম আৰু অসম মহিলা সমতা চচাইটিৰ সদস্যা আছিল। ড° মহন্তই সত্তৰৰ দশকৰ পৰা ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য আৰু সমাজ বিষয়ক গবেষণাধৰ্মী প্ৰবন্ধ লিখি আহিছে। তেখেতৰ প্ৰবন্ধ 'ইকনমিক এণ্ড পলিটিকেল উইকলি', 'সাম্প্ৰতিক সাময়িকী', 'শ্ৰীময়ী', 'প্ৰকাশ', 'গৰীয়সী', 'সাতসৰী', 'অসমীয়া প্ৰতিদিন', 'জনসাধাৰণ' আদি কাকত আলোচনীৰ উপৰিও দেশ-বিদেশৰ ভালেমান সংকলনত প্ৰকাশ পাইছে। ১৯৮৩ ৰ পৰা ১৯৮৭ চনলৈকে তেখেত 'আইেেদউৰ জোনাকী বাট'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ড° মহন্তৰ 'অভিনৱ নাৰীৰ সন্ধানত আৰু অন্যান্য প্ৰবন্ধ' (১৯৯৩) আৰু 'তগৰৰ দুখ/দোষ আৰু অন্যান্য প্ৰবন্ধ' (২০০৩) শীৰ্ষক কিতাপ দুখন অসমীয়া ভাষাৰ নাৰীবাদী অধ্যয়নৰ বাটকটীয়া।<ref name="মহন্ত">

গ্ৰন্থৰাজী

অসমীয়া গ্ৰন্থ

  • বিশ্বসাহিত্যৰ জিলিকনি- শেক্সপীয়েৰৰ পৰা কোৱেৎজীলৈ (২০০৯)
  • চন্দ্ৰপ্ৰভা শইকীয়ানী- স্বাধীনতা পূৰ্ব অসমৰ স্ত্ৰী-শিক্ষা আৰু নাৰী জাগৰণ (২০১৪)
  • অন্য এক দৃষ্টিৰে বেজবৰুৱা (২০১৬)
  • নাৰীবাদ (২০১৮)
  • কিতাপ মানুহ আৰু জীৱন (২০১৯)

ইংৰাজী গ্ৰন্থ

  • জাৰ্নি অৱ আছামিজ ৱ'মেন(১৮৩৬-১৯৩৭), অসম প্ৰকাশন পৰিষদ।

মৃত্যু

তেখেতে ২৬ জানুৱাৰীত ২০২২ বুধবাৰে তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে।

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 ৰঞ্জুমণি মহন্ত. "শ্ৰদ্ধাৰ্ঘঃ ডঃ অপৰ্ণা মহন্ত-অন্যযুগ". অন্যযুগ. https://www.anyayug.com/p/abyahrita-march-2022.html। আহৰণ কৰা হৈছে: 4 July 2024. 
  2. 2.0 2.1 2.2 2.3 জুনু বৰা. "ড° অপৰ্ণা মহন্ত: আধুনিক নাৰীবাদৰ অগ্ৰদূত – (জুনু বৰা)". যুক্তি-বিকাশ সমিতি. https://muktosinta.org/dr-aparna-mahantar-biyugot/। আহৰণ কৰা হৈছে: 4 July 2024. 
  3. 3.0 3.1 বিনোদ চন্দ্ৰ বৰা (২০২২). শ্ৰদ্ধাৰ্ঘঃ ডঃ অপৰ্ণা মহন্ত৷ স্মৰণিকা. প্ৰকাশক ডিব্ৰুগড়: পৰমানন্দ মহন্ত.